বায়ু প্ৰদূষণ ৰোধ কৰাৰ উপায়

বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ কিছুমান প্ৰধান উপায় হ’ল:

জীৱাশ্ম ইন্ধন (যেনে কয়লা, পেট্ৰল, ডিজেল)ৰ ব্যৱহাৰ কমোৱা, ব্যক্তিগত বাহনৰ সলনি ৰাজহুৱা পৰিবহন, চাইকেল চলোৱা বা খোজকাঢ়া আদিৰ দৰে সুস্থ অভ্যাস গঠন কৰা। লগতে, ধোঁৱা আৰু ক্ষতিকৰ গেছ নিগৰি অহা শিল্প-কাৰখানা আৰু যান-বাহনবোৰত ‘স্ক্ৰাবাৰ’ (ধোঁৱা শোধন যন্ত্ৰ) ব্যৱহাৰ কৰিব লাগে। ইয়াৰ উপৰি, অধিক সংখ্যক গছ ৰোপণ কৰিলে বায়ুমণ্ডল স্বভাৱতে শুদ্ধ হ’ব।

বায়ু প্ৰদূষণ ৰোধ কৰাৰ উপায়

বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ ব্যক্তিগত স্তৰত কৰিবলগীয়া উপায় হ’ল:

  • পৰিবহনৰ অভ্যাস সলনি কৰা: ব্যক্তিগত গাড়ীৰ পৰিৱৰ্তে ৰাজহুৱা বাছ-অটো আদি ব্যৱহাৰ কৰিব লাগে, চাইকেল চলোৱা বা খোজকাঢ়াক অগ্ৰাধিকা দিব লাগে। একে ঠাইলৈ যোৱা ব্যক্তিসকলে একেটা গাড়ীৰে যোৱাৰ ব্যৱস্থা (কাৰপুলিং) কৰিব লাগে।
  • শক্তিৰ সদ্ব্যৱহাৰ: ঘৰুৱা কাম-কাজত শক্তিৰ মিতব্যয়িতা কৰিব লাগে, যাতে জীৱাশ্ম ইন্ধনৰ ওপৰত হোৱা নিৰ্ভৰশীলতা কমে।
  • বৃক্ষৰোপণ: নিজৰ আৱাসস্থলী আৰু চৌপাশৰ অঞ্চলত গছ ৰোপণ কৰিব লাগে। গছে বায়ুমণ্ডলৰ পৰা কাৰ্বন-ডাই-অক্সাইড শোষণ কৰি আমাক প্ৰাণবায়ু অক্সিজেন প্ৰদান কৰে।

বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ চৰকাৰী স্তৰত কৰিবলগীয়া উপায় হ’ল:

  • নিগৰণ নিয়ন্ত্ৰণ: শিল্প-কাৰখানা আৰু যান-বাহনৰ পৰা ওলোৱা ধোঁৱা শোধন কৰিবলৈ ‘স্ক্ৰাবাৰ’ৰ দৰে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰিব লাগে।
  • কঠোৰ নীতি প্ৰয়োগ: বায়ু প্ৰদূষণ ৰোধ আৰু নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে বলবৎ কৰা আইন (যেনে বায়ু (প্ৰদূষণ ৰোধ আৰু নিয়ন্ত্ৰণ) আইন, ১৯৮১)ৰ কঠোৰভাৱে প্ৰয়োগ কৰিব লাগে।
  • জুই জ্বলোৱা নিয়ন্ত্ৰণ: খেতি-পথাৰ বা উন্মুক্ত স্থানত জ্বলোৱা জুই, আৱৰ্জনা পোৰা আদিৰ দ্বাৰা সৃষ্টি হোৱা ধোঁৱাই বায়ু প্ৰদূষণ কৰে। এইবোৰ কাম সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে।

Related Article:

Scroll to Top